আয়কৰ বিভাগৰ পৰা প্ৰেম পত্ৰ লাভ কৰিছে NCPৰ মূৰব্বী শাৰদ পাৱাৰে। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেয়ে শপত গ্ৰহণ কৰাৰ ২৪ ঘন্টা পাৰ নহঁওতেই শাৰদ পাৱাৰে লাভ কৰিলে আয়কৰ বিভাগৰ জাননী। পাৱাৰক ২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নিৰ্বাচনী শপতনামা সন্দৰ্ভত আয়কৰ বিভাগে এই জাননী প্ৰেৰণ কৰিছে।
বৃহস্পতিবাৰে একনাথ শিন্দেৰ শপত গ্ৰহণৰ কেইঘণ্টামান পিছতে এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰক জাননী প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত শাৰদ পাৱাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- তেওঁ এখন প্ৰেম পত্ৰ লাভ কৰিছে।
ইফালে মহাৰাষ্ট্ৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনাৱিছে উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সন্দৰ্ভত শাৰদ পাৱাৰে কয় যে, দেৱেন্দ্ৰ ফাৰনাৱিছ নাগপুৰৰ পৰা আহিছে। তেওঁ RSSৰ মানুহ। নাগপুৰৰ পৰা নিৰ্দেশ অহাৰ বাবেই তেওঁ উপ-মুখ্যমন্ত্ৰীৰ দৰে পদবী গ্ৰহণ কৰি শপত গ্ৰহণ কৰিছে। কিন্তু তেওঁ সন্তুষ্ট নহয়। ফাৰনাৱিছৰ মুখত অসন্তুষ্টিৰ ভাৱ প্ৰকাশ পাইছে।