অসমলৈ আহি আছে NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ। আজি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’ব দ্ৰৌপদী মুৰ্মু। নিশা ৮.৩০ বজাত বিমানবন্দৰত উপস্থিত হ’বলগীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক বিমানবন্দৰতে উষ্ম আদৰণি জনাব অসম চৰকাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই।
জানিব পৰা মতে, NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৱে আজি নিশাটো হোটেল ৰেডিছন ব্লুত কটাব৷ কাইলৈ মিত্ৰজোঁটৰ বিধায়ক সকলৰ পৰা ভোট বিচাৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে। এক বৈঠকতো অংশগ্ৰহণ কৰাৰ কথা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ৷