বিহাৰত বিজেপিৰ সৈতে নীতিশ কুমাৰৰ জনতা দলে (সংযুক্ত) মিত্ৰতা ভংগ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) ৰাজ্যসভাতো কিছু প্ৰভাৱ পৰিছে। নীতিশ কুমাৰৰ জনতা দল জেডি(ইউ)ৰ ৰাজ্যসভাত উপ-অধ্যক্ষ হৰিবংশকে ধৰি পাঁচজন সাংসদ আছে।
ৰাজ্যসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা হৈছে ২৩৭ খন। ইয়াৰে বৰ্তমান আঠটা পদ খালী আছে – জম্মু আৰু কাশ্মীৰৰ পৰা চাৰিটা, ত্ৰিপুৰাৰ পৰা এটা আৰু তিনিটা মনোনীত প্ৰাৰ্থীৰ। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৯। উল্লেখ্য যে ৰাজ্যসভাত NDAৰ বৰ্তমানৰ আসন ১১৫ খন, য’ত পাঁচজন মনোনীত সাংসদ আৰু এজন নিৰ্দলীয় প্ৰাৰ্থী আছে। জেডি(ইউ) আঁতৰি যোৱাৰ পিছত, এন ডি এৰ সংখ্যা ১১০ লৈ হ্ৰাস হৈছে। অৰ্থাৎ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ ৯খন আসন কম হৈ আছে।