অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৃহস্পতিবাৰে জোনাই বিধানসভা সমষ্টিৰ লালী নদীৰ পাৰত নিৰ্মাণ চলি থকা বান-খহনীয়া প্ৰতিৰোধৰ আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৰ লগতে জলসম্পদ বিভাগৰ বিষয়াও উপস্থিত থাকে।
দলটোৱে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী ঐৰামঘাটৰ পৰা নতুন মিচিং গাঁৱলৈ লালী নদীৰ পাৰত বান-খহনীয়া প্ৰতিৰোধৰ বাবে নভাৰ্ডৰ ৬ কোটি ৫০ লাখ পুঁজিৰে নিৰ্মাণ আৰম্ভ কৰা পাৰ্কিউপাইন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰ পিছত লালী নদীৰ বানপানী প্ৰতিৰোধৰ বাবে বেৰা নগাঁৱৰ পৰা বলোকাগুৰিলৈ এছ অ’পি ডি – জি শিতানৰ ৭ কোটি টকা ব্যয় সাপেক্ষে ৩১৩৫ মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ আঁচনি পৰিদৰ্শন কৰে।
আনহাতে, জোনাই মহকুমাৰ লালী (ব্ৰহ্মপুত্ৰ) নদীৰ পাৰত বান-খহনীয়া প্ৰতিৰোধৰ বাবে বেৰা নগাঁৱৰ পৰা বলোকাগুৰিলৈ নিৰ্মাণ কৰা মথাউৰিটো বালিৰে নিৰ্মাণ কৰাৰ লগতে ৰোলাৰ নমৰাকৈ নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰিকাই জলসম্পদ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশৰ কৰি মথাউৰি নিৰ্মাণত গাফিলতি হ’লে বিপদ হ’ব বুলি কোৱাৰ লগতে ক্ষতিপূৰণ ভৰিব লাগিব বুলিও সকীয়াই দিয়ে।