ইউক্ৰেইন-ৰাছিয়া সংঘাতে তৃতীয় বিশ্ব যুদ্ধৰ আশংকা তীব্ৰতৰ কৰি তুলিছে। এনে পৰিস্থিতিৰ মাজতেই ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভ্লাডিমিৰ পুটিনক ফোনযোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুদ্ধ পৰিহাৰ কৰি আলোচনাৰ মাধ্যমেৰে ইউক্ৰেইনৰ সৈতে বিবাদ মীমাংসা কৰিবলৈ আহ্বান জনাইছে। নিঃসন্দেহে, ভাৰতে বৰ্তমানলৈকে এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে। আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া মিত্ৰশক্তিয়ে ইউক্ৰেইন আক্ৰমণক তীব্ৰ গৰিহণা দিছে আৰু বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে সেই সময়ত প্ৰাচ্যৰ অন্যতম শক্তি ভাৰতে নিৰাপদ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াক গৰিহণা দি লোৱা প্ৰস্তাৱৰ ভোটগ্ৰহণতো ভাৰতে অংশ লোৱাৰ পৰা বিৰত থাকিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিনিধিয়ে ফোন কৰাৰ লগতে দিল্লীত জি ছেভেন দেশৰ ৰাষ্ট্ৰদূতসকলে ইউক্ৰেইনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ইগ’ৰ পলিখাই ভাৰতৰ নিৰাপদ ভূমিকাক তীব্ৰ সমালোচনাও কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াক সমৰ্থন নকৰিবলৈ ভাৰতক পাকে-প্ৰকাৰে ইংগিত দিছে।
ভাৰতৰ স্থিতি বৰ্তমান নিৰপেক্ষ তথা দ্বিধাগ্ৰস্ত। ৰাছিয়া আৰু আমেৰিকা দুয়োপক্ষৰে লগত ভাৰতৰ সম্বন্ধ যথেষ্ট ঘনিষ্ঠ। ভাৰতৰ প্ৰায় ৬০-৭০ শতাংশ অস্ত্ৰ ৰাছিয়াৰ পৰাই আহে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ বাবে ৰাছিয়া সবাতোকৈ শক্তিশালী স্তম্ভ৷ আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে অনানুষ্ঠানিকভাৱে বৈঠকত বহা দুগৰাকী ৰাষ্ট্ৰনেতাই হৈছে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং।
আনহাতে, আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া মিত্ৰজোঁটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰত-চীন সীমান্তত নিৰীক্ষণৰ বাবে ভাৰতে বহু আমেৰিকান আহিলা ব্যৱহাৰ কৰাৰ লগতে ভাৰতীয় জোৱানৰ বস্ত্ৰও পশ্চিমীয়া শক্তিয়ে যোগান ধৰে।
উল্লেখ্য যে, ভাৰতে ৰাছিয়া আৰু চীনৰ ঘনিষ্ঠতা বৃদ্ধি হোৱাটো নিবিচাৰে কাৰণ, ইতিমধ্যে সীমান্তক লৈ চীনা সেনাৰে সংঘাত চলি থকাৰ সময়ত ৰাছিয়াৰ লগত ভাৰতে সংঘাত নিবিচাৰে। ৰাছিয়াৰ পৰা ভাৰতে এছ ফ’ৰ হাণ্ড্ৰেড বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰিছে, যাতে চীন আৰু পাকিস্তানৰ সম্ভাব্য আক্ৰমণত বাধা দিব পাৰে। পশ্চিমৰ সৈতে সংঘাত বৃদ্ধি হ’লে ৰাছিয়া চীনৰ কাষ চাপিব বুলি ভাৰত উদ্বিগ্ন। ২০১৪ত ক্ৰিমিয়া দখলৰ পাছত ৰাছিয়া চীনৰ অধিক ঘনিষ্ঠ হৈ পৰিছিল। গতিকে, ৰাছিয়াক অসন্তুষ্ট কৰি চীনক শক্তি দিয়াৰ ভুল ভাৰতে কেতিয়াও নকৰে।