ৰাজনীতিত অসম্ভৱ বুলি একো নাই! পুনৰ এই কথা উনুকিয়াই দিছে দুই বিপৰীত মেৰুৰ ৰাজনৈতিক নেতাই! দাৰ্জিলিঙৰ ৰাজভৱনত বুধবাৰে এক বৈঠকত মিলিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কি কাৰণত আৰু কি বিষয়ত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হৈছে সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও দুই বিপৰীত মেৰুৰ ৰাজনৈতিক নেতাৰ এনে গোপন বৈঠক ৰাষ্ট্ৰীয় ৰাজনীতিত এক নতুন সমীকৰণ অনাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।
https://twitter.com/jdhankhar1/status/1547201042462388224?cxt=HHwWgMCtwdLJ4fgqAAAA
আনহাতে এই বৈঠকত উপস্থিত আছিল বংগৰ ৰাজ্যপাল জগদীপ ধনখাৰো। উল্লেখ্য যে সন্মুখত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। বিৰোধীপক্ষই পৰা মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ কৰা যশোৱন্ত সিনহাক উমৈহতিয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ৈ জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মুক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। গতিকে এই মুহূৰ্তত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি চৰ্চিত হৈছে।