আজি উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মাজতেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ‘নতুন ভাৰতে সংবিধান অনুসৰি কাম কৰিব, ইছলামিক শ্বৰীয়ত আইন অনুসৰি নহয়’। লগতে যোগীয়ে কয় যে, তালিবানী চিন্তা ধাৰাৰ গজবা-এ-হিন্দৰ সপোন দেখা সকলৰ সপোন কেতিয়াও পুৰণ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে Koo App ৰ জৰিয়তে এই পোষ্ট কৰে।
এক সাক্ষাৎকাৰত যোগীয়ে কয় যে, ‘মই স্পষ্টভাৱে কও যে এয়া নতুন ভাৰত, এইখন বিশ্বৰ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰত। নতুন ভাৰতত কেৱল বিকাশ হ’ব আৰু কোনো ধৰণৰ তুষ্টিকৰণ নহয়’।
উল্লেখ্য যে, উত্তৰ প্ৰদেশত চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। আজি নিৰ্বাচনৰ দ্বিতীয়টো দিন। এই সময়চোৱাত বিভিন্ন দলৰ মাজত অব্যাহত আছে সংঘাত। আজি ৯ খন জিলাৰ ৫৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন।