- অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টনবজাৰৰ ৪ বিঘা ভূমি হস্তান্তৰ উত্তৰ পূৱ ৰে’লৱেক।
- ৰে’লৱে ষ্টেচনৰ নামত ব্যৱহাৰ কৰা হ’ব হস্তান্তৰিত এই ভূমিখিনি।
- অসম ৰাজ্যিক পৰিবহণ নিগম আৰু উত্তৰ পূৱ ৰে’লৱেৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ।
- আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ ভূমি আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয় উত্তৰ পূৱ ৰে’লেৱক।
- ইয়াৰ বিনিময়ত উত্তৰ পূৱ ৰে’লৱেয়ে অসম ৰাজ্যিক পৰিবহণ নিগমক একেই মূল্যৰ ভূমি জালুকবাৰীৰ ২০ বিঘা ভূমি ৰে’লেৱে দিব অসম ৰাজ্যিক পৰিবহণ নিগমক।
- অসম ৰাজ্যিক পৰিবহণ নিগমৰ গৃহৰ বাবদ হোৱা খৰচৰ ৫.৯ কোটি টকা দিব উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
- অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্রৱন্ধক চেতন কুমাৰ শ্রীবাস্তৱ, পৰিবহণ বিভাগৰ সচিব আদিল খান আদি বিষয়াসকল।
- অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ভূমি হস্তান্তৰ কৰাত গুৱাহাটী ৰে’লৱে ষ্টেচনে পাব দ্বিতীয় প্রৱেশ দুৱাৰ।
- ৰে’লৱে হস্তান্তৰ কৰা ২০ বিঘা ভূমিত হ’ব নতুন ISBT।
- জালুকবাৰীৰ উৰণীয়াা সেতুৰ সমীপৰ হজ ভৱনৰ কাষতে নিৰ্মাণ কৰা হ’ব নতুন ISBT।
- গুৱাহাটী ৰে’ল ষ্টেচনক অত্যাধুনিক ৰূপত গঢ় দিবৰ বাবে ব্যয় কৰা হ’ব ৭০০ কোটি টকা।
- ১৬৬৪ কোটি টকা ব্যয় কৰি আজ্ঞাথুৰীৰ পৰা কামাখ্যালৈ হ’ব নতুন ৰে’ল ষ্টেচন।
- শিলঘাত আৰু তেজপুৰক সংযোগ কৰি নিৰ্মাণ হ’ব ব্রডগজ ৰে’লৱে।
- মাজুলী আৰু দৰং জিলাকো ৰে’লৱেৰ মানচিত্রলৈ অনাৰ প্রয়াস কৰিব চৰকাৰে।