আজি পাহাৰীয়া জিলা ডিমা হাচাওত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকখন কেইবাটাও দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যত বৰ্তমান দ্ৰুত ক’ভিডৰ সংক্ৰমণ। ক’ভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ক’ভিড সন্দৰ্ভত আলোচনা কৰা হৈছে কেবিনেট বৈঠকত যদিও বৰ্তমান নতুন কোনো ৰেষ্ট্ৰিকছন আনিব বিচৰা নাই৷ হাস্পতালত বিচনাৰ অভাৱ হ’লে ৰেষ্ট্ৰিকছন আনিব৷ ক”ভিডত আক্ৰান্ত হ’লে চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে সুস্থ হোৱাৰ সাত দিনৰ পিছত আঠ দিনৰ দিনা কামত যোগদান কৰিব লাগিব৷ ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ক’ভিডৰ দ্বিতীয় ড’জ সম্পন্ন কৰাৰ লক্ষ্য চৰকাৰৰ।