শ্ৰীলংকাত চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰ মাজতে আজি দেশখনৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। ৰনিল বিক্ৰমসিংঘে দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে ৰনিল বিক্ৰমসিংঘে পূৰ্বতে ছয়বাৰকৈ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বৰ ৰাষ্ট্ৰপতি গোটবায়া ৰাজপাক্ষে দেশৰ পৰা পলায়ন কৰাৰ পিছত কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ ভূমিকা তেওঁ পালন কৰি আহিছিল।
ৰাষ্ট্ৰপতি পদৰ দৌৰত, বিক্ৰমসিংঘে দুল্লাছ আলহাপেৰুমা আৰু অনুৰা কুমাৰা দিসানায়েকেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। স্থানীয় সময় অনুসৰি ৰাতিপুৱা ১০ বজাত ভোটদান আৰম্ভ হৈছিল। ২২৩ জনীয়া সংসদত দুজন সাংসদ অনুপস্থিত আছিল আৰু মুঠ ২১৯ টা ভোট বৈধ বুলি ঘোষণা কৰা হৈছিল। তাত ৪ টা ভোট অবৈধ বুলি ঘোষণা কৰা হৈছিল।