ৰকিবুল হুছেইনে পদত্যাগ কৰা নাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰকাশ কৰিলে এই স্পষ্টিকৰণ। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে ভূপেন বৰাই কয় যে, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী বৰ্তমান হজ যাত্ৰাত আছে। তেওঁৰ এই ধৰ্মীয় যাত্ৰাৰ সময়তে এইদৰে অপপ্ৰচাৰ হোৱা কাৰ্যত আমি দুখ প্ৰকাশ কৰিছো।
আনহাতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম কোষৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিটো ভূপেন বৰাই এই বাতৰিক নস্যাত কৰাৰ লগতে এই সম্পূৰ্ণ খবৰ এক অপপ্ৰচাৰ, মিছা আৰু ভিত্তিহীন বুলিও উল্লেখ কৰিছে।