আজি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে, লগতে RJDৰ নেতা তেজস্বী যাদৱে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। NDAৰ পৰা আঁতৰি অহা নীতিশ কুমাৰে বিহাৰত চৰকাৰ চলাই নিবলৈ RJD, কংগ্ৰেছৰ সৈতে মুঠ ৭ টা দলৰ সমৰ্থনত মৰ্চা গঠন কৰিছে।
উল্লেখ্য যে, হঠাতে বিহাৰৰ ৰাজনৈতিক পৰিৱেশ সলনি হোৱাত নীতিশ কুমাৰে মঙ্গলবাৰে ৰাজ্যপাল ফাগু চৌহানক দুবাৰকৈ সাক্ষাৎ কৰি প্ৰথমবাৰ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰাৰ সমান্তৰালকৈ দ্বিতীয়বাৰ তেজস্বী যাদৱৰ সৈতে আন আন নেতাৰ লগত চৰকাৰ গঠনৰ দাবী কৰি ৰাজ্যপালক ১৬৪ জন বিধায়কৰ সমৰ্থনৰ তালিকা দাখিল কৰে।
উল্লেখ্য যে বিহাৰ বিধানসভাত আছে ২৪২ খন আসন। সেই অনুসৰি চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১২২ জন সদস্যৰ সমৰ্থন। নীতিশ কুমাৰে চৰকাৰ গঠনৰ ক্ষেত্ৰত নিজৰ দলৰ ৪৫ গৰাকী বিধায়ক আৰু এজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনৰ উপৰিও RJD ৰ ৭৯ গৰাকী বিধায়ক, কংগ্ৰেছৰ ১৯ জনৰ উপৰিও আন কেইবাটাও দলৰ সমৰ্থন লাভ কৰিছে।