বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জুলাই মাহত কাৰ্যকাল শেষ হব। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব তাকে লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বহু কেইজন ঘনিষ্ঠ ব্যক্তি পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে যদিও,বৰ্তমান আন এক ৰাজনৈতিক সমীকৰণে এতিয়া দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
তথ্য অনুসৰি, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। দেশৰ ৰাজনৈতিক মহলত চাণক্য হিচাপে পৰিচিতি প্ৰশান্ত কিশোৰ হৈছে এই নতুন সমীকৰণৰ আঁৰৰ ব্যক্তি। তেওঁৰ লগতে দেশৰ অ-কংগ্ৰেছী, বিৰোধী দলসমূহে বৰ্তমান একেই ৰণনীতিৰ ওপৰত কাম কৰি আছে।
প্ৰশান্ত কিশোৰে হায়দৰাবাদত কে চন্দ্ৰশেখৰ ৰাৱক সাক্ষাত কৰাৰ পিছতে এই ৰণনীতি তৈয়াৰ হৈছিল। তেওঁলোকৰ সাক্ষাতৰ সময়তে নীতিশ কুমাৰক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। জানিব পৰা মতে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে এই উদ্যোগটো আৰম্ভ কৰিছে। দুদিন ধৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত নীতিশ কুমাৰৰ প্ৰতিদ্বন্দিতা কৰাৰ বিষয়টোকলৈ দুয়োপক্ষৰ মাজত দীঘলীয়া আলোচনা চলি আছে।