শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত আজি গৰিব কল্যাণ সন্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমৰ বাবে ৫ লাখ আবাস আবণ্টিত হোৱা বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে আজি এই আঁচনিৰ প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আৰু অনুমোদন পত্ৰ প্ৰতীকীভাবে ১০ হিতাধিকাৰীক প্ৰদান কৰে। এই আঁচনিৰ অধীনত শিৱসাগৰৰ জিলাৰ ৯৪২৪ গৰাকী আৰু চৰাইদেও জিলাৰ ৪৫৯৮জন হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ লাভ কৰিছে৷ প্ৰথম কিস্তিত লাভ কৰা ৩২,৫০০ টকাৰে কাকো ধাৰ নামাৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই (CM Himanta Biswa Sarma) হিতাধিকাৰীসকলক নিজৰ ভাষণত অনুৰোধ জনায়৷ কোনো দালালক এটকাও নিদিবলৈ অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে কোনো দালালে আমাৰ চৰকাৰৰ দিনত আঁচনি দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে।
Glad to be a part of Garib Kalyan Sammelan where Adarniya PM Shri @narendramodi ji interacted with beneficiaries of around 15 schemes from across the country.
Grateful to Adarniya PM for his margdarshan & for constantly motivating us to strive to serve our people better. pic.twitter.com/Po6HvS7zJP
— Himanta Biswa Sarma (@himantabiswa) May 31, 2022
এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীৰ লগত মত বিনিময় কৰে। উল্লেখ্যে যে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে আজি কৃষক সন্মান নিধিৰ ১১ নং কিস্তি মুকলি কৰি দিয়ে। সমগ্ৰ দেশৰ ১০ কোটি কৃষকক এই আঁচনিৰ ২১০০০ কোটি টকা মুকলি কৰি দিয়াৰ লগতে আজি ৰাজ্যৰ ৭ লাখ কৃষকেও কৃষক সন্মান নিধিৰ ২০০০ টকাৰ অনুদান লাভ কৰিছে। সন্মিলনত কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ আদিৰ লগতে চৰকাৰী জনকল্যাণ আঁচনিৰ পৰা উপকৃত হোৱা হিতাধিকাৰীসকলো উপস্থিত থাকে ৷