ৰাজ্যত সৃষ্টি হৈছে অৰ্থনৈতিক জুৰুলা অৱস্থা। ৰাজ্যৰ গৃহবিভাগৰ এক পত্ৰই স্পষ্ট কৰিছে ৰাজ্যৰ অৰ্থনীতিৰ বিধ্বস্ত ৰূপ। উল্লেখ্য যে, ২৪ মাৰ্চত বিত্ত বিভাগে সকলো জিলাৰ কোষাগাৰলৈ প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ। এই পত্ৰখনত দিয়া হৈছে এক বিশেষ নিৰ্দেশ। কোষাগাৰসমূহক কোনোধৰণৰ বিল গ্ৰহণ নৰিবলৈ কোৱা হৈছে।
বিত্ত বিভাগৰ NO. BB.189/2016/149 DATED DISPUR THE 24TH MARCH 2022 পত্ৰৰ জৰিয়তে প্ৰদান কৰা এই নিৰ্দেশনাই ৰাজ্যৰ অৰ্থনৈতিক জুৰুলা অৱস্থাৰ কথা স্পষ্ট কৰিছে। ৰাজ্যৰ সকলো প্ৰশাসনিক বিভাগ তথা বিভাগসমূহৰ মূৰব্বী, প্ৰতিখন জিলাৰ উপায়ুক্ত, চক্ৰ বিষয়া তথা কোষাগাৰলৈ প্ৰেৰণ কৰা এই পত্ৰত ২৫ মাৰ্চৰ পৰা তাৎক্ষণিকভাৱে এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰিছে।