আজিৰে পৰা আৰম্ভ হ’ল কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন। এই মনোনয়ন প্ৰক্ৰিয়া অহা ৩০ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব।
উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে এই নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা প্ৰায় নিশ্চিত। শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিছিল যে গান্ধী পৰিয়ালৰ কোনো লোকেই এই নিৰ্বাচনত অংশগ্ৰহণ নকৰে।
কংগ্ৰেছৰ সভাপতি পদৰ বাবে অশোক গেহলটে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চাত আছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপৰিও সাভপতি পদৰ বাবে আগ্ৰহী আন এটা বহু চৰ্চিত নাম হল শশী থাৰুৰ। অশোক গেহলট, শশী থাৰুৰৰ ওপৰিও মনীষ তিৱাৰীৰ নামো বৰ্তমান চৰ্চালৈ আহিছে সভাপতি পদৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ ৰূপত। সুদীৰ্ঘ সময়ৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰে আন কোনো লোক এই সভাপতি পদৰ নিৰ্বাচনত অংশ ল’ব।
৩০ ছেপ্টেম্বলৈকে সভাপতি পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পাছতেই ভোটদান পৰ্বৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’ব।