মণিপুৰৰ বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত দুদিনৰ বাবে ৰে’লৰ চলাচল বাতিল কৰা হৈছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই মণিপুৰলৈ যাবলগীয়া সকলো ৰে’ল বন্ধ কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। মণিপুৰ চৰকাৰৰ অনুৰোধৰ পাছতেই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰলৈ চলাচল কৰা ৪ খনকৈ ৰে’ল বাতিল কৰা হৈছে।
বাতিল হোৱা ৰে’লকেইখন ক্ৰমে-
- ১২০৯৭ আগৰতলা-খংচাং জনশতাব্দী এক্সপ্ৰেছ
- ১২০৯৮ খংচাং-আগৰতলা জনশতাব্দী এক্সপ্ৰেছ
- ০৫৬৫৯ শিলচৰ-ভঙাইচুংপাও পেচেঞ্জাৰ স্পেচিয়েল আৰু
- ০৫৬৬০ ভঙাইচুংপাও-শিলচৰ পেচেঞ্জাৰ স্পেচিয়েল।