নামত কি আছে? উইলিয়াম শ্বেইক্সপীয়েৰৰ মতে নামত একো নাই, কিন্তু যোগী আদিত্যনাথৰ বাবে নামৰ মহত্ব বহুত৷ এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো কৈ দিছে নামত বহুত কথা থাকে। তেওঁৰ মতে এখন গাওঁ বা চহৰৰ নামে ইয়াৰ সংস্কৃতি, সভ্যতা আৰু পৰম্পৰা প্ৰতিনিধিত্ব কৰিব লাগে৷ গতিকে অসমৰ যিবোৰ ঠাইৰ নামে অসমৰ সভ্যতা, সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে বা কোনো সম্প্ৰদায়ৰ প্ৰতি বিৰূপ ভাৱ বিয়পায় সেইবোৰ সলনি কৰা হ’ব ৷ তাৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰি প’ৰ্টেল আৰম্ভ কৰা হ’ব ৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে নাম সলনি কৰাটো যেন তেওঁৰ প্ৰশাসনৰ অন্যতম গুৰুত্বপূৰ্ণ agenda ৷ বৰ্তমানলৈকে যোগী চৰকাৰে ৰাজ্যখনৰ দুখন জিলাৰ নাম সলাইছে ৷ ২০১৮ৰ অক্টোবৰত এলাহাবাদৰ নাম প্ৰয়াগৰাজ আৰু তাৰ পাছৰ মাহত ফৈজাবাদৰ নাম অযোধ্যা ৰখা হয়। তাৰ পাছত বিধানসভা নিৰ্বাচনৰ আগমনৰ লগে লগে চুলতানপুৰ, আলীগড়, মেইনপুৰী, ফিৰোজাবাদ, বাডাউন আদি জিলাৰ নাম সলনি কৰিবলৈও তৎপৰ হৈছিল যোগী চৰকাৰ। তদুপৰি আগ্ৰা, মুজাফৰনগৰ, মিঞাগঞ্জ আদি চহৰৰ নাম সলোৱাৰো দাবী তুলিছে বিভিন্ন হিন্দুত্ববাদী সংগঠনে। অৱশ্যে উত্তৰ প্ৰদেশৰ এই নাম সলনি কাৰ্যটো কেৱল যোগীয়ে কৰা নাই, পূৰ্বৰ মায়াৱতী আৰু অখিলেশ যাদৱ চৰকাৰেও বহু ঠাইৰ নাম সলনি কৰিছিল৷
উল্লেখ্য যে, ৰাজহুৱা স্থানৰ নাম সলোৱাটো যথেষ্ট জটিল প্ৰক্ৰিয়া। চহৰ এখনৰ নাম সলনি কৰিবলৈ হ’লে প্ৰথমে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত লয় আৰু ৰাজ্যৰ নাম সলনি কৰিবলৈ হ’লে ৰাজ্যৰ বিধানসভাই সিদ্ধান্ত লৈ কেন্দ্ৰলৈ পঠিয়ায়। মন কৰিবলগীয়া যে ৰাজ্যৰ নাম সলনিৰ বাবে সংবিধানৰ ১ নং সূচী সংশোধন কৰাৰ প্ৰয়োজন হয়। ইয়াৰ বাবে সংসদে এই সংশোধনী বিধেয়ক গৃহীত কৰিব লাগে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও ঠাইৰ নাম সলনিৰ বাবে কেতবোৰ নিৰ্দেশনা দি থৈছে।
ৰাজ্য বা চহৰৰ নাম সলনিৰ লগত আছে বৃহৎ ৰাজহুৱা ধন ব্যয়ৰ কথাও। নাম সলনিৰ বাবদ হোৱা ব্যয় প্ৰায় ২০০ কোটিৰ পৰা ৫০০ কোটি বা তাতকৈ বেছি হ’ব পাৰে। পথৰ ফলক, ৰাষ্ট্ৰীয় ঘাইপথৰ ফলক, মানচিত্ৰ, প্ৰশাসনীয় নথিপত্ৰ সলনি আদিত এই ধন ব্যয় হয়৷ তাৰ লগত ব্যক্তিগত প্ৰতিষ্ঠানবোৰেও বিভিন্ন সালসলনি কৰিব লগা হয়। এলাহাবাদ প্ৰয়াগৰাজ হওঁতে চৰকাৰৰ ব্যয় হৈছিল প্ৰায় ৩০০ কোটি টকা।