সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত বৰপেটাত বিধায়ক শ্বেৰমান আলী আহমেদে কৰা প্ৰৰোচনামূলক মন্তব্য আৰু সত্ৰৰ সীমা নিৰ্ধাৰণকাৰী খুটাত গোৰ মৰা কাৰ্যক লৈ এতিয়া সৰৱ হৈ পৰিছে শাসকীয় বিজেপি৷ শুকুৰবাৰে সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে গঠন কৰি দিয়া আয়োগে শ্বেৰমানক সকীয়নি দিয়াৰ লগতে শীৰ্ঘে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।৷
সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগ এতিয়া সৰৱ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৷ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ক’লে- “শ্বেৰমান আলী আহমেদে অক্ষমণীয় দোষ কৰিলে ৷ তেওঁ সত্ৰৰ সীমা নিৰ্ধাৰণকাৰী খুটাত গোৰ মাৰি জাতিৰ বুকুত গোৰ মাৰিলে ৷” শ্বেৰমান আলী আহমেদে আগন্তুক সময়ত আয়োগৰ কামত বাধা দিলে চৰকাৰে ব্যৱস্থা ল’ব বুলিও সদৰি কৰে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৷
উল্লেখযোগ্য যে, সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আইন উলংঘাকাৰী কাম বা মন্তব্য কৰিলে কঠোৰ ধাৰা গ্ৰহণ কৰিব বুলিও অলপতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল ৷