দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰধানমন্ত্ৰী মোদীয়ে আজি জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছেগৈ। বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে জাপানৰ পৰম্পৰাগত সম্ভাষণ ধ্বনি ‘ওহায়ো, টকিঅ’ৰে মোদীক উষ্ম আদৰণি জনোৱা হয়।
প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশ খনত অনুষ্ঠিত হোৱা কোৱাড সন্মিলনত অংশগ্ৰহণ কৰা। কোৱাড সন্মিলনৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা। মোদীয়ে তেওঁৰ এই ভ্ৰমণকালত জাপানৰ শীৰ্ষ ব্যৱসায়ী আৰু প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মতবিনিময় কৰিব।
“জাপানত বসবাস কৰা ভাৰতীয়মূলৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। তেওঁলোক জাপানত থাকিও ভাৰতৰ শিপাৰ সৈতে সংযুক্ত হৈ আছে। জাপানত প্ৰবাসী ভাৰতীয়সকলে মোক উষ্ম আদৰণি জনোৱাৰ বাবে মই ধন্যবাদ জনাইছো,” প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কয়।
Japan’s Indian community has made pioneering contributions in different fields. They have also remained connected with their roots in India. I thank the Indian diaspora in Japan for the warm welcome. pic.twitter.com/cfMCzM4XVf
— Narendra Modi (@narendramodi) May 23, 2022
২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনি এলবানিজও উপস্থিত থাকিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়ন আৰু পাৰস্পৰিক সহযোগিতাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কোৱাড সন্মিলনে আশাৰ বতৰা দিছে।