অইল ইণ্ডিয়া লিমিটেড পাইপলাইন চাৰ্ভিচেছে সাক্ষম ২০২৩ চক্ৰ দিৱসৰ অংশ হিচাপে ২০২৩ চনৰ ৩০ এপ্ৰিলত গুৱাহাটী, নগাঁও আৰু তেজপুৰত সাক্ষম লেটছ ৰাইড চাইকেল চাইকেলথন আয়োজন কৰে। সমগ্ৰ ভাৰতৰ ৩০০ৰো অধিক চহৰত এনে চাইক্লথনৰ আয়োজন কৰা হৈছিল।
গুৱাহাটীত প্ৰায় ৪০০ চাইকেল আৰোহীয়ে, সমগ্ৰ চহৰৰ পৰা আহি, এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। সভাস্থলী আছিল নাৰেংগীস্থিত অইল পাইপলাইন মুখ্য কাৰ্যালয় চৌহদ। মুখ্য অতিথি হিচাপে অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন মুখ্য কাৰ্যালয়ৰ চিজিএম, পিএল অভিজিত বৰগোহাঁইয়ে| তেওঁ অইলৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত চাইকেল ৰেলীৰ পতাকা উত্তোলন কৰে। চাইকেল আৰোহীসকলে প্ৰায় ১১ কিলোমিটাৰ দূৰত্বলৈ চাইকেল চলাইছিল। গুৱাহাটীৰ অন্যান্যৰ চাইক্লিং ব্যক্তিত্ব মাজৰ কৌশিক গুহা, অনিৰ্বান চৌধুৰীৰ লগতে মহিলাৰ সুৰক্ষা সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে সৰ্বভাৰতীয় চাইকেল ভ্ৰমণত যোৱা মধ্যপ্ৰদেশৰ আশা মালৱীক সম্বৰ্ধনা জনোৱা হয়। জুম্বা শিল্পী তুলসী ৰাভাই তেওঁৰ দলৰ সৈতে ৰাইডৰ পূৰ্বে চাইকেল আৰোহীসকলৰ বাবে ৱাৰ্ম আপ এক্টিভিটি হিচাপে এক সজীৱ অনুষ্ঠান আগবঢ়ায়।
নগাঁৱত প্ৰায় ১৭০ জন লোকে চাইকেল ৰেলীত অংশগ্ৰহণ কৰে। ড’ছন স্কুল প্লেগ্ৰাউণ্ডৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলে ১০ কিলোমিটাৰ দূৰত্ব চাইকেল চলাই একে স্থানতে ৰাইড সমাপ্ত কৰে। বিশিষ্ট চাইকেল আৰোহী তথা ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন হকী খেলুৱৈ, নগাঁও চাইক্লিষ্টৰ প্ৰতিষ্ঠাপক ৰাজীৱ শৰ্মা ডাঙৰীয়াৰ লগতে ৱাছিফা হাজৰিকা, সামাজিক উদ্যোগী আৰু চাইকেল আৰোহী ডাঙৰীয়ানীয়ে ৰাইডৰ সমৰ্থন আৰু ফ্লেগ অফ কৰিবলৈ অহা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
তেজপুৰত সমগ্ৰ চহৰ আৰু ইয়াৰ ওচৰৰ ঠাইৰ পৰা ১৮০ গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে। সভাস্থলী আছিল চাৰ্চ ফিল্ড য’ৰ পৰাই ৰাইড আৰম্ভ হৈছিল আৰু শেষ হৈছিল। চাইকেল আৰোহীসকলে অতিক্ৰম কৰা দূৰত্ব আছিল প্ৰায় ১১ কিলোমিটাৰ। মিন্টু বড়ো – ভাৰপ্ৰাপ্ত বিষয়া সদৰ থানা, লনীতা বৰা – জিলা ক্ৰীড়া সন্থা, সভানেত্ৰী, শোণিতপুৰ জিলা আৰু নৃপেন বৰা – অৱসৰপ্ৰাপ্ত জেইলাৰ ডাঙৰীয়া তেজপুৰৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ শোভা বঢ়ায়।
গুৱাহাটীৰ গুৱাহাটী চাইক্লিং কমিউনিটি, নগাঁৱৰ নগাঁও চাইকেলিষ্ট আৰু তেজপুৰত মাইলছ উইথ চাইকেল আদি স্থানীয় চাইকেলিং গোটৰ সহযোগত গুৱাহাটীস্থিত বেচৰকাৰী সংস্থা পেডেল ফৰ এ চেঞ্জে পৰিচালনা কৰে ৩খন চহৰৰ আটাইকেইখনেই চাইকেল ৰেলী। সকলো অংশগ্ৰহণকাৰীকে ৰাইডৰ পিছত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰৰ লগতে টি-চাৰ্ট আৰু ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা হয়।
SAKSHAM (Sanrakshan Shamata Mahotsav), হৈছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা বাৰ্ষিক জনজাগৰণ অভিযান, যাতে নাগৰিকসকলক স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ইন্ধন সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতক খাৰুৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰা হয় . পৰিৱেশ সুৰক্ষাৰ বাবে ইন্ধন সংৰক্ষণ আৰু কাৰ্যক্ষমতাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জনসাধাৰণক আপ্লুত কৰাটোৱেই হৈছে সাক্ষামৰ উদ্দেশ্য। ২০২৩ চনৰ বাবে থিম হৈছে ‘নেট জিৰ’ৰ দিশত শক্তি সংৰক্ষণ। ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সাক্ষম ২০২৩ চনৰ ৮ মে’ত সমাপ্ত হ’ব।