গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিদেশী ন্যায়াধিকৰণৰ বিচাৰপীঠে ইংগিত দিছে যে এবাৰ এজন ব্যক্তিক ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছত, একেজন ব্যক্তিক দ্বিতীয়বাৰৰ বাবে অ-ভাৰতীয় ঘোষণা কৰিব নোৱাৰি। পৰ্যৱেক্ষনটোত কোৱা হৈছে যে, এখন ৰাজ্যত কেইবাটাও ঘটনা দেখা গৈছে য’ত ভাৰতীয় হিচাপে এবাৰ ঘোষণা কৰাৰ পিছত এজন ব্যক্তিক দুবাৰ বা ততোধিকবাৰ ৰাষ্ট্ৰীয়তা প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল।
উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয়তাৰ সৈতে জড়িত এটা গোচৰৰ শুনানিৰ সময়ত কৈছিল যে, এজন ব্যক্তিৰ নাগৰিকত্ব সম্পৰ্কে ন্যায়াধিকৰণৰ মতামত “ৰেছ জুডিকাটা” হিচাপে কাম কৰিব- অৰ্থাৎ উক্ত বিষয়টোৰ ওপৰত ইতিমধ্যে এবাৰ সিদ্ধান্ত লোৱা হৈছে আৰু পুনৰ আদালতলৈ সেই একেই বিষয়টোৰ ওপৰত আলোচনা কৰা নহ’ব।
নাগৰিকত্ব সন্দৰ্ভত সপ্তাহটোৰ আৰম্ভণিতে ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ নানী টাগিয়াৰ বিচাৰপীঠে এক শুনানিৰ সময়ত কৈছিল যে, যদিও ৰেছ জুডিকাটাৰ নীতি “ৰাজহুৱা নীতিৰ ওপৰত আধাৰিত” তথাপিও ই প্ৰাসঙ্গিক আইনৰ অধীনত অবৈধ বিদেশীৰ সৈতে লেনদেন কৰোঁতে এক সাৰ্বভৌম ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰা সৰ্বাধিক ৰাজহুৱা নীতিৰ অধীনত অন্তৰ্ভুক্ত” কৰা হ’ব।
নাগৰিকত্ব সন্দৰ্ভত, ন্যায়াধীশ এন কটিশ্বৰ সিং আৰু ন্যায়াধীশ নানী টাগিয়াৰ বিচাৰপীঠে এক শুনানিৰ সময়ত কৈছিল যে, যদিও ৰেছ জুডিকাটাৰ নীতি “ৰাজহুৱা নীতিৰ ওপৰত আধাৰিত” তথাপিও ই প্ৰাসঙ্গিক আইনৰ অধীনত অবৈধ বিদেশীৰ সৈতে লেনদেন কৰোঁতে এক সাৰ্বভৌম ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰা সৰ্বাধিক ৰাজহুৱা নীতিৰ অধীনত “অন্তৰ্ভুক্ত” হ’ব। তেওঁলোকে কয় যে ২০১৮ চনৰ আমিনা খাতুন গোচৰত উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল, কিন্তু বিচাৰপীঠে মন্তব্য কৰিছিল যে আব্দুল কুদ্দুছৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি এইয়া ‘ভাল আইন নহয়’ বা সিদ্ধান্ত নহয় বুলি কব পাৰি।