‘বিজেপি আজি ভাৰতৰ একমাত্ৰ ৰাষ্ট্ৰীয় দল কিয়নো আন দলবোৰৰ শক্তি কেৱল পৰিয়াল আৰু ব্যক্তিলৈ হ্ৰাস পাইছে’ এই মন্তব্য বিজেপিৰ সভাপতি জে পি নাড্ডাৰ। ৰাজস্থানৰ চিৰোহী জিলাত আয়োজিত প্ৰশিক্ষণ শিবিৰত ভাষণ প্ৰদান কৰি কয়, ৰাষ্ট্ৰীয় দল হোৱাৰ বাবে, বিজেপিয়ে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত কাম কৰে আৰু স্থানীয় জনতাৰ আকাংক্ষাকো পূৰণ কৰে।
“ভাৰতত, বিজেপি হৈছে একমাত্ৰ ৰাষ্ট্ৰীয় দল আৰু বাকী দলবোৰৰ গুৰুত্ব পৰিয়াল, ৰাজবংশ আৰু ব্যক্তিলৈ হ্ৰাস পাইছে। আমি দলৰ পৰা কি পাইছো সেই বিষয়ে চিন্তা কৰা উচিত নহয়, কিন্তু আমি দেশক আৰু দলক কি দিছো সেই বিষয়ে চিন্তা কৰা উচিত,” নাড্ডাই বিজেপি কৰ্মীসকলক কয়। তেওঁ লগতে কয় “বিজেপি হৈছে একমাত্ৰ দল যিয়ে ‘প্ৰথমে ৰাষ্ট্ৰ’ক অগ্ৰাধিকাৰ দিয়ে। “আমাৰ সংকল্প দেশ আৰু দলৰ লাভ হ’ব লাগে, যাৰ ফলত আমাৰ উন্নতি হ’ব। যিকোনো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগে।”