আজি নগাঁও জিলা পুথিভঁড়ালত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি অজন্তা নেওগে কয় যে,”এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ সুবিধা। তিনি-চাৰিচকীয়া বাহন, ফ্ৰীজ আদি থকা পৰিয়ালৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব।
On the occasion of "Orunodoi Month" which will begin in each district from August 20, Today,I attended training program at the District Library, Nagaon organized for the supervisors and verification teams for the survey of "Orunodoi Scheme".l pic.twitter.com/lyeR2EOlBw
— Ajanta Neog (@AjantaNeog) August 3, 2022
আগষ্ট মাহৰ ভিতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম পুনৰীক্ষণ হ’ব আৰু এই পুনৰীক্ষণৰ সময়ত অযোগ্য ব্যক্তিৰ নাম ধৰা পৰিলে সেই নাম কৰ্তন কৰা হ’ব৷
হিতাধিকাৰীৰ ঘৰত গাড়ী-মটৰ থাকিলে তালিকাৰ পৰা নাম কৰ্তন কৰাৰ বিপৰীতে কোনো যোগ্য লোকে যদি এতিয়াও আঁচনিখনৰ সুবিধা পোৱা নাই বা আঁচনিখনৰ হিতাধিকাৰী হ’ব পৰা নাই, তেনে লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰা হ’ব৷