ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ইউক্ৰেইনে দাবী কৰে যে এই সংঘৰ্ষত ইতিমধ্যে ৫০ৰো অধিক ৰাছিয়া সৈনিকৰ মৃত্যু হৈছে। অন্যহাতে শেহতীয়া খবৰ অনুসৰি ৰাছিয়াই কৰা আক্ৰমণৰ ফলত প্ৰায় ৭ জন নিহত আৰু কেইবাগৰাকীও ইউক্ৰেইনৰ নাগৰিক আহত হৈছে।
ৰাছিয়াৰ ৰক্ষা মন্ত্ৰালয়ে দাবী কৰা অনুসৰি ইউক্ৰেইনৰ বায়ু সেনা ঘাটিকে ধৰি কেইবাটাও স্থান ধ্বংস কৰিছে ৰাছিয়ান সৈন্যই। তদুপৰি ইউক্ৰেইনত নিক্ষেপ কৰিছে মিচাইল। উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ কথা ঘোষণা কৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেশ সমূহৰ মাজত।
ইউক্ৰেইনেও পিচুৱাই নাহি মোকাবিলা কৰিছে ৰাছিয়াৰ বিৰুদ্ধে। ইয়াৰ মাজতে ভাৰতত থকা ইউক্ৰেইনৰ দূতবাসে সহায় বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ইগোৰ পোলিখাইন কয় যে আমি ভাৰতৰ সমৰ্থন বিচাৰো। কাৰণ ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক যথেষ্ট ভাল। যদি মোডীজীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতে তেন্তে হয়তো পৰিস্থিত কিছু সলনি হব পাৰে।