ছাত্ৰনেতাক গুলিওৱাৰ তীব্ৰ গৰিহণা দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, এনকাউন্টাৰৰ জৰিয়তে মুক্তহত্যাৰ সূচনা কৰিছে আৰক্ষীয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মুক্তহত্যা আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।
গুপ্তহত্যাৰ আৰ্হিত অসমত হিমন্ত চৰকাৰে আৰম্ভ কৰিছে মুক্তহত্যা, ’বাচি বাচি যুৱ-ছাত্ৰক টাৰ্গেট কৰা হৈছে’ বুলি ক্ষোভ উজাৰে গগৈয়ে।মুক্ত চিন্তা আৰু প্ৰতিবাদী সত্বাক নিঃশেষ কৰাৰ বাবে চৰকাৰে এই কূটকৌশল ৰচনা কৰিছে। ’ৰাজ্যত ভয় আৰু ত্ৰাসৰ পৰিৱেশ সূচনা কৰাৰ বাবেই আৰম্ভ কৰা হৈছে মুক্তহত্যা।
উল্লেখ্য যে, শনিবাৰে নিশা নগাওঁ আৰক্ষীৰ গুলীত আহত হৈছিল প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ দলটোৱে তেনেই ওচৰৰ পৰা গুলীয়াই আহত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।