কেইবালানিও আলোচনাৰ অন্তত মঙলবাৰে বিৰোধী দলসমূহে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা। উল্লেখ্য যে, শাৰদ পাৱাৰ, গোপালকৃষ্ণ গান্ধী আৰু ফাৰুক আব্দুল্লাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ দৌৰৰ পৰা আঁতৰি দিয়াৰ পিছতে সিনহাৰ নাম চুড়ান্ত কৰা হয়।
NCPৰ মুৰব্বী শৰদ পাৱাৰে কয়, ‘আমি ২৭ জুনত পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিম।‘ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এক ঐকমত্যপূৰ্ণ প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱাৰ বাবে পাৱাৰে আহ্বান কৰা বৈঠকৰ বাবে মঙলবাৰে কংগ্ৰেছ, টিএমচি, সমাজবাদী পাৰ্টিকে ধৰি তেৰটা বিৰোধী দলে সংসদ ভৱনত বৈঠকত মিলিত হয় আৰু সিনহাৰ নামত একমত হয়।
সভাত অংশগ্ৰহণ কৰা সকলৰ ভিতৰত আছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু জয়ৰাম ৰমেশ, টিএমচিৰ অভিষেক বেনাৰ্জী, ডিএমকেৰ তিৰুচী শিৱ, চিপিআই-এমৰ সীতাৰাম য়েচুৰী, আৰু চিপিআইৰ ডি ৰাজা। পাঁচটা আঞ্চলিক দল – TRS, BJD. AAP, SAD, YSRCP আঁতৰি থাকিল বৈঠকৰ পৰা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত আহ্বান কৰা বৈঠকৰ পৰাও এই দলবোৰ আঁতৰি আছিল। অৱশ্যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধীৰ ঐক্যমত প্ৰাৰ্থী হোৱাৰ বাবে মমতা বেনাৰ্জীয়ে যশৱন্ত সিনহাক অভিনন্দন জনোৱাৰ লগতে তেওঁক “মহা সন্মান আৰু কুশল”ৰ ব্যক্তি বুলি অভিহিত কৰিছে।