প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে শপতগ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালক পুনৰাই কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ গুৰু দায়িত্ব অৰ্পণ কৰা হয়। সোণোৱালে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দপ্তৰটোৰ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে আৰু ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডকে ধৰি সামুদ্ৰিক খণ্ডৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সোণোৱালে সকলোকে আহ্বান জনায়।
সোণোৱালে কয়, “এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত দেশৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়োৱাৰ বাবে আমি সংকল্পবদ্ধ হ’ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত নিৰন্তৰ কাম কৰি আহিছে। আমি বিকশিত ভাৰতৰ দৃঢ় লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়ি যাওঁতে ‘ৰাষ্ট্ৰ সৰ্বোপৰি’ ভাৱনাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ উদ্দেশ্যত নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাম। আমাৰ মন্ত্ৰালয়ে অমৃতকাল ভিজন ২০৪৭ৰ অধীনত কল্পনা কৰা অনুসৰি সামুদ্ৰিক খণ্ডক সামগ্ৰিক বিকাশৰ দিশত শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাব লাগিব।” তদুপৰি, সোণোৱালে ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে মন্ত্ৰালয়টোৰ পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী সন্দৰ্ভতো পৰ্যালোচনা কৰে আৰু নিৰ্দিষ্ট ৰ’ডমেপ লৈ ন উদ্যমেৰে কাম কৰিবলৈ আটাইকে আহ্বান জনায় ।