‘হৰ ঘৰ ত্ৰিৰংগা’ প্ৰচাৰ ৱেবছাইটত পাঁচ কোটিতকৈও অধিক ত্ৰিৰংগা চেলফি আপলোড হৈছে আৰু সেয়েহে সংস্কৃতিক মন্ত্ৰালয়ে ইয়াক “অত্যাধিক সাফল্য” বুলি অভিহিত কৰিছে। উল্লেখ্য য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২২ জুলাইত ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰি হৰ ঘৰ ত্ৰিৰংগাৰ কাৰ্যসূচীত যোগদান কৰিবলৈ আহ্বান জনাইছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ স্বাধীনতা দিৱসৰ ভাষণত কয়, “মই যুৱকসকলক তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী ২৫ বছৰ ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিবলৈ অনুৰোধ জনাইছো। আমি সমগ্ৰ মানৱতাৰ বিকাশৰ দিশত কাম কৰিম। এয়াই হৈছে ভাৰতৰ শক্তি। ত্ৰিৰংগা চেলফিয়ে দেশক প্ৰথম আৰু সদায় প্ৰথম স্থানত ৰাখিবলৈ কৰ্তব্যমুখী ভাৰতীয়ৰ সামূহিক প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। ধন্যবাদ, ভাৰত। এইটো সঁচাকৈয়ে মাতৃভূমিৰ বাবে প্ৰেম আৰু সংযোগৰ সামূহিক অভিব্যক্তিৰ উচ্ছ্বাসৰ এক বিশেষ মুহূৰ্ত।”