হেডলাইন৮ বিশেষঃ অসম বিজেপিৰ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে হেডলাইন৮ৰ তৰফৰ পৰা এক বিশেষ সাক্ষাৎকাৰৰ আয়োজন কৰা হৈছিল৷ কিছুদিন পূৰ্বে দল-বলে গায়ক-অভিনেতাৰ দলে বিজেপি-কংগ্ৰেছত যোগদান কৰাৰ পিছত অসমৰ জনসাধাৰণ তথা তেওঁলোকৰ অনুগামীৰ মাজত ব্যাপক মত-বিৰোধ হৈছিল৷ শিল্পীসকলৰ ৰাজনৈতিক দলত যোগদান কৰাৰ অধিকাৰ আছে নে নাই, অধিকাৰ আছে যদি এয়া কিমান যুক্তিসন্মত, এসময়ত ‘কা’ আন্দোলনক নস্যাৎ কৰা শিল্পীসকলে কিহৰ তাগিদাত পুনৰ ‘কা’ প্ৰণয়ন কৰা দলত যোগদান কৰিবলগীয়া হ’ল, ইয়াকে লৈ বৰ্তমান অসমৰ ৰাজনীতিৰ পথাৰখন উত্তাল হৈ আছে৷ এই সন্দৰ্ভত যেতিয়া বিজেপি কৰ্মী পৱিত্ৰ মাৰ্ঘেৰিটাক নতুনকৈ ৰাজনীতিত যোগদান কৰা শিল্পীসকলৰ বিষয়ে সোধা হ’ল তেতিয়া তেওঁ এক কৌশলী উত্তৰ প্ৰদান কৰে৷ পৱিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত যেতিয়া শিল্পী সমাজৰ মাজত বিভাজন অনাৰ অভিযোগ দিয়া হ’ল তাৰে উত্তৰত তেওঁ নিজৰ দলৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি ওলোটাই সংবাদ মাধ্যমে টিআৰপিৰ বাবে এনেধৰণৰ বিষয় বেচিকৈ চৰ্চা কৰে বুলিহে উল্লেখ কৰে৷
শিল্পীসকলে দুমুখীয়া নীতি গ্ৰহণ কৰি ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত তেওঁ সময়ে সময়ে ৰাজনৈতিক মতাদৰ্শ পৰিৱৰ্তন হ’ব পাৰে বুলি মন্তব্য কৰে৷ সাক্ষাৎকাৰত তেওঁ নিজকে শিল্পী নহয়, এজন সাংস্কৃতিক কৰ্মী তথা পূৰ্ণকালীন ৰাজনৈতিক কৰ্মী বুলি পৰিচয় দিবলৈ বেছি ভাল পায় বুলি উল্লেখ কৰে৷
বাবু, নেকিব, অজয় ফুকনে শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা বিষয়ত সোধা এক প্ৰশ্নত পৱিত্ৰ মাৰ্ঘেৰিটাই তেওঁলোকৰ বিষয়ে এক তীৰ্যক মন্তব্য প্ৰদান কৰে৷ তেওঁ কয় যে নেকিবৰ ‘টেক্সী গাড়ী লৈ যাম শ্বিলঙত’’ বোলা গীতটো শুনিছে যদিও ব্যক্তিগতভাৱে তেওঁৰ লগত পৰিচয় নাই৷ আনহাতে বাবু আৰু অজয় ফুকনক ভ্ৰাতৃতুল্য বুলি অভিহিত কৰি তেওঁলোকৰ ৰাজনৈতিক পৰিপক্কতাৰ পৰিচয় জনসাধাৰণে পাব বুলি বুলি এক কৌশলী মন্তব্য কৰে৷
পৱিত্ৰ মাৰ্ঘেৰিটা এজন কট্টৰ হিন্দু নেকি বুলি সোধা এটা প্ৰশ্নত তেওঁ নিজকে সনাতনীয় হিন্দু বুলি ক’বলৈ গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে কোনো পৰিস্থিতিতে ন-অসমীয়া পমুৱা মুছলমান বা প্ৰচলিত ভাষাত মিঞা বুলি কোৱা লোকৰ হাতৰ অসমৰ শাসনভাৰ এৰি দিব নোৱাৰে৷ এই ক্ষেত্ৰত বিজেপিয়ে অসমৰ থলুৱা জনজাতি, ভূমিপুত্ৰসকলৰ সৈতে ঐক্যৱদ্ধ হৈ ওলাই আহিছে বুলি তেওঁ জানিবলৈ দিয়ে৷
সাক্ষাৎকাৰৰ শেষত বিজেপিক ধৰ্ম নিৰপেক্ষ দল বুলি পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰাৰ লগতে বিজেপিৰ দুৱাৰ সকলোৰে বাবে খোলা বুলি জনসাধাৰণক আহ্বান জনায়৷
সাক্ষাৎকাৰ যুগুতালেঃ আকাশ হাজৰিকা