প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে বিভিন্ন অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ প্ৰয়াত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটক আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ। তদুপৰি এই সন্মান আগবঢ়োৱা হৈছে প্ৰতিভা আত্ৰে, ৰাধেশ্যাম খেমকা, আৰু কল্যাণ সিঙলৈও। আনহাতে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্যলৈ আগবঢ়োৱা হৈছে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। ইয়াৰ ভিতৰত আছিল কংগ্ৰেছ নেতা গুলাম নবী আজাদ, ভিক্টৰ বেনাৰ্জী আৰু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বাওপন্থী শিবিৰৰ অগ্ৰণী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য্যও।
গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা এই সন্মানৰ বিষয়ে আনু্ষ্ঠানিক ঘোষাণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু অপ্ৰত্যাশিতভাৱে বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁলৈ আগবঢ়োৱা সন্মান প্ৰত্যাখ্যান কৰাৰ কথা ঘোষণা কৰিছে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মান সম্পৰ্কীয় বাতৰি লাভৰ পাছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, এই বিষয়ে তেওঁক কোনেও একো জনোৱা নাই আৰু তেওঁ এই বিষয়ে একো অৱগত নহয়। আৰু যদিহে তেওঁক এই সন্মান চৰকাৰে দিছে তেন্তে সেয়া তেওঁ প্ৰত্যাখ্যান কৰিছে। ‘মই পদ্মভূষণ সন্মান প্ৰদান সম্পৰ্কত একো নাজানো। কোনেও এইবিষয়ে মোক একো কোৱা নাই। যদিহে তেওঁলোকে মোক পদ্মভূষণ সন্মান দিছেও মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ।’ বাংলা ভাষাত প্ৰচাৰ কৰা এটা চমু বিজ্ঞপ্তিত তেওঁ এইকথা প্ৰকাশ কৰে।