দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ আগবঢ়োৱা হ’ল গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ। ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে সুন্দৰ পিচাইক আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত এই সন্মান প্ৰদান কৰে। ভাৰতীয় নৱ প্ৰজন্মৰ প্ৰতিভাক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াত সুন্দৰ পিছায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
উল্লেখ্য যে, দেশৰ ৭৩তম গণৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু তাৰ পাছত চলিত বৰ্ষৰে ২ ডিছেম্বৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান ।
এই সন্মান গ্ৰহণ কৰি সুন্দৰ পিছায়ে মন্তব্য প্ৰকাশ কৰে যে, ভাৰতবৰ্ষ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ প্ৰতি মূহুৰ্তত তেখেত ভাৰতবাসীক কঢ়িয়াই ফুৰিব নিজৰ অন্তৰত। তদুপৰি এনে এক সন্মানৰ বাবে তেখেত ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ বুলিও ভাষ্য প্ৰদান কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে।