ৰাজ্যত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত। টীয়ক পৌৰসভাত প্ৰত্যেক গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। টীয়ক সমষ্টিৰ ৯ নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰিয়ংকা বনিয়াক লগত লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা যুৱনেত্ৰী পল্লৱী গগৈয়ে শনিবাৰে বাঁহবাৰী অঞ্চলত ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়।
প্ৰিয়ংকা বনিয়াৰ লগতে নেত্ৰী গৰাকীয়ে জেষ্ঠজনৰ চৰণ চুই দলৰ কৰ্মকৰ্তাৰ সৈতে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে বনিয়াই আৰু ৰাইজৰ অভাৱ অভিযোগ শুনি অনাগত দিনত সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰাৰ্থীগৰাকীৰ লগতে নেত্ৰীগৰাকীয়ে।
ইপিনে মিত্ৰজোটৰ প্ৰলোভনত ভোল নগৈ অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছৰ পক্ষত ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে।