৫০ শতাংশৰো অধিক হ’ব জাতিগত সংৰক্ষণঃ ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হ’লে জাতিগত সংৰক্ষণ ৫০ শতাংশৰো অধিক কৰাৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ। জাতিগত গণনা নোহোৱাকৈয়ে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এই প্ৰতিশ্ৰুতি দিলে।
তেওঁ কয়, লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হ’লে জাতি ভিত্তিক সংৰক্ষণ ৫০ শতাংশতকৈও বৃদ্ধি কৰা হ’ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাচীত সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে এক সমাবেশত কয়, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’ বি চিসকলক যুগ যুগ ধৰি বংশানুক্ৰিমক শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰি অহা হৈছে। দেশৰ বৃহৎ উদ্যোগ খণ্ডত, চিকিৎসা ক্ষেত্ৰত, বিদ্যালয়, মহাবিদ্যালয়, ন্যায়ালয় আদিত তেওঁলোকৰ প্ৰতিনিধিত্ব সীমিত। যদি আমি ক্ষমতালৈ আহো, আমি তেওঁলোকৰ বাবে সমানুপাতিক প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ ৫০ শতাংশতকৈ অধিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিম।
ইয়াৰ লগতে ৰাহুল গান্ধীয়ে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আইন প্ৰণয়নোৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাহুল গান্ধীয়ে কয়, যদি ইণ্ডিয়া গোট ক্ষমতালৈ আহে তেন্তে প্ৰথমেই জাতিগত গণনা হ’ব। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’ বি চিৰ বাবে ৫০ শতাংশৰ সংৰক্ষণৰ সীমাৰেখা তুলি ধৰা হ’ব।