আগন্তুক জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট উত্তীৰ্ণক প্ৰদান কৰিব নিযুক্তি পত্ৰ। অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিধানসভাত টেট উত্তীৰ্ণ মানেই চাকৰি পোৱা নুবুজাই বুলিও স্পষ্ট কৰি দিয়ে।
আনহাতে ৰাজ্যৰ সংখ্যালঘু প্রধান বিধানসভা সমষ্টিসমূহত বিদ্যালয়, মহাবিদ্যালয় বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ বিধানসভাত কয় যে, ‘সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বঢ়াব লাগিব৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব৷’ ইয়াৰ উপৰিও তেওঁ প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিবলৈও পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰে। এই বিষয়ে তেওঁ বিধায়কসকলৰ পৰা তালিকা বিচাৰে৷ এই মডেল স্কুলবোৰ সকলো ফালৰ পৰাই মডেল হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।