ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব, জ্যেষ্ঠ IAS বিষয়া পবন কুমাৰ বৰঠাকুৰে আজি মুখ্য সচিব ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অৱসৰ ল’ব এই দ্বায়িত্বৰ পৰা। ৰাজ্য এখনৰ প্ৰশাসনিক ক্ষেত্ৰত সকলোতকৈ জ্যেষ্ঠ কেডাৰ পদবী হৈছে মুখ্য সচিবৰ পদটো। এই পদত আজি কাৰ্য্যভাৰ গ্ৰহণ কৰিব লগীয়া বৰঠাকুৰ বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰো মুখ্য সচিব হোৱাৰ উপৰিও অসম প্ৰশাসনিক ন্যায়াধিকৰণ বিভাগৰ অধ্যক্ষ পদত কৰ্মৰত।
উল্লেখ্য যে, মুখ্য সচিব পদৰ পৰা অৱসৰ ল’লেও নিৰ্ধাৰিত কাৰ্য্যকালৰ অন্ত নপৰালৈ অসম শক্তি বিতৰণ খণ্ডৰ অধ্যক্ষ ৰূপেই থাকিব জিষ্ণু বৰুৱা।