সোমবাৰে সফলতাৰে অনুষ্ঠিত হৈ যায় ৯৯ নং মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোৰ ২০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান সাব্যস্ত কৰে সমষ্টিটোৰ লোকসকলে। এই উপ-নিৰ্বাচনৰ মুঠ ভোটদানৰ হাৰ ৭১.৭৬ শতাংশ। উল্লেখ্য যে, মাজুলীৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩৩,২২৭ জন। ইয়াৰে ৯৫,৬০০ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।
ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।
সকলো অংশীদাৰী পক্ষক আশ্বাস প্ৰদান কৰি মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে কয় যে. অহা ১০ মাৰ্চত গণনা প্রক্রিয়া সফলভাবে শেষ নহোৱা পৰ্যন্ত ইভিএমসমূহ সংৰক্ষিত কৰা ষ্ট্ৰংৰুমৰ নিৰাপত্তা আৰু পবিত্রতা ৰক্ষাৰ ক্ষেত্ৰত কঠোৰ দৃষ্টি প্ৰদানৰ বাবে পর্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।