কিছুদিন পূৰ্বে চিকিৎসকৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰি সমালোচনাৰ সন্মখীন হোৱা ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই পুনৰ এবাৰ কবি, লেখকৰ সন্দৰ্ভত কৰিছে আপত্তিজনক মন্তব্য। কাম বন নাথাকিলে গল্প কবিতাৰ চৰ্চা কৰে বুলি মন্তব্য কৰে সভানেত্ৰীগৰাকীৰ৷
শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত কবিতাক লৈ আৰম্ভ হৈছে সৰব চৰ্চা। তেনেসময়ত সভানেত্ৰীগৰাকীক কবিতা প্ৰসংগত সাংবাদিকে কৰে প্ৰশ্ন ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰিবলৈ গৈ আঙুৰলতা ডেকাই কয় যে, ‘কাম বন নথকা লোকে কবি, গল্প চৰ্চা কৰে৷ বিৰোধীৰ স্থিতিত দুৰ্বল কংগ্ৰেছ ৷ নিজ ভূমিকা পালন কৰিব নোৱাৰি অপ্ৰাসংগিক আলোচনাৰে বাট বুলিছে ৷ নামত বিৰোধী হৈ দুই এটা সমালোচনা কৰে।’
আনহাতে, আগন্তুক ৰাজ্যসভাৰ খালী হোৱা দুই আসনত মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ দাবী আঙুৰলতা ডেকাৰ৷ আজি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মালিগাওঁ মহিলা সমিটীৰ উদ্যোগত প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে আঙুৰলতা ডেকাই।