গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন ৷ ৰাজ্যৰ পৰিবহন বিভাগে বন্ধ কৰিব পেট্ৰ’ল আৰু ডিজেল চালিত বাহন ৷ কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিদ্যুত চালিত বাহন৷ আজি এই কথা জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী মণ্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয়, সম্প্ৰতি মহানগৰীত বিশ খন বিদ্যুত চালিত বাহন চলি আছে৷ অচিৰেই গুৱাহাটী মহানগৰীলৈ আহিব দুশখন বিদ্যুত চালিত বাছ ৷ এই বাছ সমূহ আহিলেই মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাহন ৷ প্ৰদূষণ মুক্ত কৰাৰ বাবে সকলোৱে নিজৰ বাহনসমূহ CNG নাইবা বিদ্যুত চালিত কৰিব লাগিব ৷ আনকি সমগ্ৰ ৰাজ্যতে বাহনসমূহ বিদ্যুত চালিত কৰিব বুলি জানিব দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈও মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাতো মুখ্যমন্ত্ৰীৰ কৰ্তৃত্ব বুলি জানিব দি মন্ত্ৰীগৰাকীয়ে নিজৰ দপ্তৰ সলনি সন্দৰ্ভতো কয় যে, এই বিষয়ত মই কোনো মন্তব্য নিদিও, মুখ্যমন্ত্ৰীয়ে যি কৰে ৷