শ্বাহজাহানে তাজমহল নিৰ্মাণ নকৰিলেহেঁতেন, তেন্তে হয়তো আজি ভাৰতত পেট্ৰ’ল মানুহে ৪০ টকা লিটাৰত পেট্ৰ’ল কিনিব পাৰিহেঁতেন! দেশত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলোৱাৰ সময়তে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে কৰা এনে মন্তব্যই বেছ চৰ্চা লাভ কৰিছে।
কোৱা বাহুল্য যে AIMIMৰ মুৰব্বীগৰাকীয়ে প্ৰকৃততে এনে মন্তব্যৰ জৰিয়তে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰিবহে বিচাৰিছিল ৱাইচিয়ে। মোদী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰিবলৈ গৈ সাংসদগৰাকীয়ে কৈছিল “দেশৰ যুৱক-যুৱতীসকল নিবনুৱা। মুদ্ৰাস্ফীতি নিতৌ বাঢ়িয়েই আহিছে। ডিজেল প্ৰতি লিটাৰত ১০২ টকাত বিক্ৰী কৰা হৈছে। ঔৰঙ্গজেৱ এই সকলোবোৰৰ বাবে দায়ী, ইয়াৰ বাবে দায়ী মোদী নহয়। আকবৰ নিবনুৱা সমস্যাৰ বাবে বাবে দায়ী। তাজমহলৰ বাবে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে।”
ৱাইচিয়ে লগতে কয়, “যদি তাজমহল নিৰ্মাণ নহ’লহেঁতেন, তেন্তে আজি পেট্ৰ’ল ৪০ টকাত বিক্ৰী হ’লহেঁতেন। মই ভাবো শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰি এটা ডাঙৰ ভুল কৰিছিল। তেওঁ সেই সকলো টকা ৰাহি কৰিব লাগিছিল। সেই ধন ২০১৪ চনত মোদীৰ হাতত তুলি দিলে ভাল হ’লহেঁতেন। তেতিয়া তেলৰ দাম কমাই ৰাখিব পৰা গ’লহেঁতেন। এতিয়া মুছলমানসকলক সকলো বিষয়তে দোষাৰোপ কৰা হয়, মোগলসকলক দোষাৰোপ কৰা হয়। মোগলসকলে অকলে দেশ শাসন কৰিছিল নেকি? অশোকে কৰা নাছিল নেকি? চন্দ্ৰগুপ্তই কৰা নাছিল নেকি? কিন্তু বিজেপিয়ে কেৱল মোগলকহে দেখা পায়। তেওঁলোকে এটা চকুৰে মোগলক দেখে আৰু আনটো চকুৰে পাকিস্তানক দেখে। “