ভাৰতৰ স্বাধীনতাৰ ৭৫বছৰ উদযাপন উপলক্ষে তথা অসমৰ কিংবদন্তি যুদ্ধ নায়ক লাচিত বৰফুকনৰ ৪০০তম জয়ন্তীৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজত দুদিনীয়া চিত্ৰ প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰিছে গুৱাহাটীৰ চেণ্ট্ৰেল ব্যুৰ’ অব কমিউনিকেচনৰ আঞ্চলিক কাৰ্যালয়ে৷ আজাদী কা অমৃত মহোৎসৱক মূল বিষয় হিচাবে লৈ আয়োজিত দুদিনীয়া প্ৰদৰ্শনীখনত প্ৰায় ৫০খন কলাকৃতি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান প্ৰদৰ্শন কৰা হৈছে। স্বাধীনতা সংগ্ৰামীসকলক পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে তথা ভাৰতক স্বাধীন কৰি নিজৰ জীৱন ত্যাগ কৰাত তেওঁলোকৰ সংগ্ৰাম কাহিনী আলোকপাত কৰাৰ উদ্দেশ্যেৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত আহোম ৰাজবংশৰ পৰাক্ৰমী যোদ্ধা বীৰ লাচিত বৰফুকনৰ অৱদানো আলোকপাত কৰা হৈছে।
প্ৰদৰ্শনীখনৰ মুকলি কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তামণি শৰ্মাই কয় যে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱৰ উদযাপনে স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ বিষয়ে জনসাধাৰণক অৱগত কৰাত সহায় কৰিছে। লাচিত বৰফুকনৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকন তেওঁৰ নেতৃত্বৰ বাবে জনাজাত আৰু তেওঁৰ বিষয়ে অধিক ভাৱে জনাটো নতুন প্ৰজন্মৰ কৰ্তব্য। স্বাধীনতা সংগ্ৰামীসকল তথা বীৰ লাচিত বৰফুকনৰ বিষয়ে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে এনে প্ৰদৰ্শনী আয়োজনৰ বাবে চেণ্ট্ৰেল ব্যুৰ’ অব কমিউনিকেচনৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।
প্ৰদৰ্শনী অনুষ্ঠানত আন এগৰাকী বক্তা অসম পশুধন আৰু কুকুৰা পালন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকটকীয়ে কয় যে বীৰ লাচিত বৰফুকনক বীৰত্ব, সাহস আৰু অসমৰ সংস্কৃতিৰ ধ্বজ্বাবাহক হিচাপে ব্যাপক ভাৱে স্মৰণ কৰা হয়। তেওঁ নতুন প্ৰজন্মক কিংবদন্তি যোদ্ধাগৰাকীৰ বিষয়ে অধিক জ্ঞান সংগ্ৰহ কৰিবলৈ আৰু সমাজৰ সকলোৰে বাবে তেওঁৰ সমতা তথা মৰ্যাদাৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা ল’বলৈ আহ্বান জনায়। Baixakis
গুৱাহাটীৰ চেণ্ট্ৰেলব্যুৰ’ অব কমিউনিকেচনৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া বৰ্ণালী মহন্তই তেওঁৰ আদৰণি ভাষণত কাৰ্যসূচীটোৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানটোত বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ ৰঞ্জিৎ কলিতা, বিশ্বনাথ পৌৰ নিগমৰ দীপক ডেকা, চাৰিআলি বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা লাৱণ্য হাজৰিকা আৰু গড়েহাগি গাঁও পঞ্চায়তৰ সচিব ৰঞ্জুপৰাজুলিও উপস্থিত আছিল।
প্ৰদৰ্শনীখনত বিগত ৮ বছৰৰ চৰকাৰৰ বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহো প্ৰদৰ্শন কৰা হৈছে। আজিৰ কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ মাজত কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল। এই উপলক্ষে গুৱাহাটীৰ চিবিচিৰ ব্যক্তিগত পঞ্জীকৃত শিল্পীৰ দলে বীৰ লাচিত বৰফুকন শীৰ্ষক এখন বাটৰ নাটকো পৰিৱেশন কৰে। প্ৰদৰ্শনীখন ২৫নৱেম্বৰ, ২০২২ তাৰিখলৈকে জনসাধাৰণৰ বাবে মুকলি থাকিব।