বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লাভ কৰিব বিৰোধীৰ ৭টা ভোট। ৰাজ্যসভাৰ দুখন আসনৰ বাবে চলি থকা ভোটগ্ৰহণৰ মাজতে সকলোকে একপ্ৰকাৰৰ স্তম্ভিত কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ দুয়োজন প্ৰাৰ্থীৰ জয় নিশ্চিত আৰু আমাৰ নিৰ্ধাৰিত ভোটতকৈ ৭টা ভোট বিৰোধীৰ বিধায়কৰ পৰা আমি অতিৰিক্তভাৱে লাভ কৰিম। আওপকীয়াকৈ এই ভোটকেইটা কংগ্ৰেছৰ পৰা আহিব বুলিও তেওঁ ইংগিত প্ৰদান কৰে।
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পূৰ্বে বিধায়ক দিগন্ত কলিতা আৰু মন্ত্ৰী অশোক সিংহালে ঘোষণা কৰিছিল যে, কংগ্ৰেছৰ দুজন বিধায়কে বেলট পেপাৰ ফালি বাকচত ভৰাইছে আৰু এজনে বেলট পেপাৰত ‘ৱান’ বুলি লিখি দিয়াৰ বাবেই এই তিনিটা ভোট বাতিল হব।
আনহাতে, সদলবলে ভোট দিবলৈ যোৱা এ আই ইউ ডি এফৰ বিধায়কসকলে একেমুখে কয় যে, তেওঁলোকৰ ভোট কোনো হেৰফেৰ নহয়। ১৫গৰাকী বিধায়কেই কংগ্ৰেছৰ ৰিপুন বৰাক ভোট প্ৰদান কৰিব। কিবা হেৰফেৰ হলে বেলেগৰে হব পাৰে। আমি আমাৰ স্থিতিত ঐক্যৱদ্ধভাৱে অটল হৈ আছো।