মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান চৌহদ যাতে গছ গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে “মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প” নামৰ এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। ১৭ জুলাইত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই অভিলাসী কাৰ্যসূচীৰ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত সামৰণি পৰিব।
এই কাৰ্যসূচীৰ অধীনত ১৯ জুলাইত অসম চৰকাৰৰ বন বিভাগৰ বশিষ্ঠস্থিত নামনি অসম মণ্ডলৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ কার্যালয় চৌহদত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰকল্পৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰি কেৱল গছপুলি ৰোপণ নহয়, তাক উপযুক্তভাবে প্ৰতিপালন কৰি জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব বুলি সদৰি কৰে। অনুষ্ঠানত বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, বন বিভাগৰ মুৰব্বী তথা প্রধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ, বিশেষ প্ৰধান মুখ্য বন সংৰক্ষক এছ এছ ৰাওকে ধৰি বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।