বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ আমেৰিকালৈ যাত্ৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। আজি পুৱাই বিশেষ বিমানযোগে আমেৰিকালৈ বুলি যাত্ৰা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আমেৰিকা আৰু ভাৰতৰ মাজৰ কেতবোৰ বিষয়কলৈ গঠনমূলক আলোচনাৰ বাবে আমেৰিকালৈ উৰা মাৰে মোডীয়ে। জানিব পৰা মতে, দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু প্ৰযুক্তি সন্দৰ্ভতো ৰাষ্ট্ৰপতি জো বাইডেনৰে হ’ব আলোচনা। ইয়াৰ পূৰ্বে ২১ জুনত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত উদযাপন কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।