মাতৃহাৰা হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। হীৰাবেন মোডীৰ ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত শেষ মৃত্যু হয়। ১০০ বছৰীয়া হীৰাবেন মোডীৰ আহমেদাবাদৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছিল। গুজৰাট চৰকাৰৰ তৰফৰ পৰা কিছুদিন পূৰ্বে কৈছিল যে তেওঁৰ অৱস্থা উন্নত হৈ আছে আৰু এদিন বা দুদিনৰ ভিতৰত অব্যাহতি দিয়া হ’ব পাৰে।
शानदार शताब्दी का ईश्वर चरणों में विराम… मां में मैंने हमेशा उस त्रिमूर्ति की अनुभूति की है, जिसमें एक तपस्वी की यात्रा, निष्काम कर्मयोगी का प्रतीक और मूल्यों के प्रति प्रतिबद्ध जीवन समाहित रहा है। pic.twitter.com/yE5xwRogJi
— Narendra Modi (@narendramodi) December 30, 2022
সূত্ৰ অনুসৰি, উশাহ-নিশাহৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মোডীৰ মাতৃ হীৰাবেন গান্ধীনগৰ চহৰৰ ওচৰৰ ৰাইচান গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু ভায়েক পংকজ মোডীৰ সৈতে বাস কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিঙকে ধৰি বহুজনে প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে।