দেশৰ স্কুলীয়া শিক্ষাৰ্থীক সকলক প্ৰাণোদিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪০ লক্ষ ছাত্ৰ-ছাত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব। মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত ২০২৩ বৰ্ষত অংশগ্ৰহণ কৰিবলৈ mygov এপৰ যোগেদি আবেদন জনোৱা ৪০ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই পত্ৰ। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ মাতৃভাষাত অভিভাৱকলৈ সম্বোধি এই পত্ৰ প্ৰেৰণ কৰিব । উল্লেখযোগ্য যে, অসমৰ ২.৪৩ লাখ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে মোদীৰ পত্ৰ লাভ কৰিব। দেশৰ ভিতৰতে সৰ্বাধিক পত্ৰ যাব গুজৰাটলৈ। পশ্চিমৰ ৰাজ্যখনলৈ তামিল ভাষাত লিখা পত্ৰ যাব ৬.৫লাখ । দ্বিতীয় স্থানত আছে অসম ।
প্ৰধানমন্ত্ৰীৰ পত্ৰৰ বিভিন্ন আধুনিক ভাৰতীয় ভাষালৈ অনুবাদ কাম ইতিমধ্যে National Book Trustয়ে আৰম্ভ কৰিছে। পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে – “অনাগত ২৫বছৰ দেশৰ কাৰণে অমৃতকাল; য’ত আমি ভাৰতক বহনক্ষম দেশলৈ ৰূপান্তৰ কৰাৰ সংকল্প লৈ আগবাঢ়ি যাব লাগে; যিয়েই ক্ষেত্ৰ নহওক আমাৰ দেশত সম্পদ আৰু সম্ভাৱয়নীতাৰ অভাৱ নাই… ।“ ২০২৩বৰ্ষত আবেদন জনোৱা ৪লাখৰ ভিতৰত ২৪০০জনেহে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল । এক পৰীক্ষা পাতি নিৰ্বাচন কৰা হৈছিল। আনহাতে, মোদীৰ ২০১৮চনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান এতিয়ালৈকে ব্যয় হৈছে ২৮কোটি টকা ।