প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ অনুষ্ঠানটিত বিভিন্ন বিষয়ৰ মাজতে অসমৰ কোকৰাঝাৰ জিলাৰ কথাও উল্লেখ কৰে। প্ৰকৃততে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কবলৈ গৈ কোকৰাঝাৰৰ প্ৰশংসাত মুখৰ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী।
তেওঁ কয় যে, আঠ বছৰ পূৰ্বে দেশত আৰম্ভ হোৱা ‘স্বচ্ছ ভাৰত অভিযান’, সময়ৰ লগে লগে সম্প্ৰসাৰিত হৈ পৰিছিল আৰু লগতে নতুন উদ্ভাৱনো যোগ কৰা হৈছিল। বৰ্তমান আপুনি ভাৰতৰ সকলো ঠাইতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কিছু প্ৰয়াস কৰা দেখা পাব। মই অসমৰ কোকৰাঝাৰত এনে এক প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিছো। ইয়াত প্ৰাতঃভ্ৰমণকাৰীৰ এটা দলে ‘পৰিষ্কাৰ আৰু সেউজীয়া কোকৰাঝাৰ’ অভিযানৰ অধীনত এটা অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোক সকলোৱে নতুন ফ্লাইঅভাৰ এলেকাত তিনি কিলোমিটাৰ দীঘল পথটো পৰিষ্কাৰ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক প্ৰেৰণাদায়ক বাৰ্তা প্ৰদান কৰিছে।