• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিবলৈ বাধ্য, অন্যথা হ’ব লাগিব আদালতৰ সন্মুখীন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 25, 2021
in ৰাজনীতি, অসম
1 min read
0
আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিবলৈ বাধ্য, অন্যথা হ’ব লাগিব আদালতৰ সন্মুখীন
Share on FacebookShare on Twitter

আইনৰ ৰক্ষক হৈয়ো বহু সময়ত অসম আৰক্ষীয়ে নিজেই আইন ভংগ কৰা দেখা যায়। সেয়েহে আইনৰ অপব্যৱহাৰ কৰা আৰক্ষীক দায়বদ্ধ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে ব্যাপক সংশোধনেৰে আৰক্ষী দায়বদ্ধতা আয়োগ নতুনকৈ সংগঠনৰ দিশে আগবাঢ়িছে। ইয়াৰ বাবে কালি বিধানসভাত দ্য আছাম পুলিচ (এমেণ্ডমেণ্ট) বিল উত্থাপন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত দায়বদ্ধতা আয়োগ আছে যদিও বৰ্তমান আয়োগখন সক্ৰিয় হৈ থকা পৰিলক্ষিত হোৱা নাই। সেয়েহে আৰক্ষীক দায়বদ্ধ কৰিবলৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ আয়োগক নতুন কৰ্তৃত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।
আয়োগ গঠনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে যদিও ৰাজ্য চৰকাৰে মূল বিষয়ত হস্তক্ষেপ নকৰাকৈ ৰাইজৰ হকে কিছুমান নতুন বিষয়ৰ অৱতাৰণা কৰিবলৈ আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ কয় যে জিলা পৰ্যায়ৰ আয়োগখনে তলৰ পৰা উপ-আৰক্ষী অধীক্ষকলৈ সামৰি লয়। ৰাজ্যিক পৰ্যায়ৰ আয়োগখনে আৰক্ষী অধীক্ষকৰ পৰা ওপৰৰ বিষয়াসকলক সামৰি লয় ।
অসমৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভাৰপ্ৰাপ্ত বিষয়াকো ৰাজ্যিক পৰ্যায়ৰ আয়োগে সামৰি ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘দেশত প্ৰচলিত দায়বদ্ধ আয়োগত আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগতহে আয়োগৰ ওচৰত দায়বদ্ধ হ’ব লাগে যদিও অসমত ধৰ্ষণৰ চেষ্টা আৰু যৌন নিৰ্যাতন দুটাকো বিষয়কে ইয়াৰ লগত সংযোগ কৰিছো। বহু সময়ত আৰক্ষীয়ে অভিযোগকাৰীৰ এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উঠে, নতুন নিয়ম মতে কোনো আৰক্ষী বিষয়াই এজাহাৰ পঞ্জীয়ন নকৰিলে আবেদনকাৰীয়ে স্থানীয় আদালতত বিষয়টো জনাব পাৰিব। আনহাতে ভুল তথ্য আৰু ভুৱা গোচৰৰ দিশটোৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰা হৈছে। আয়োগৰ কৰ্মচাৰীসকলক আয়োগে বাছনি কৰিব পৰা সংশোধনীও নতুন বিধেয়কত অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ্য যে সংশোধিত দায়বদ্ধতা আয়োগৰ দ্বাৰা আৰক্ষীক বৰ্তমানতকৈ অধিক ক্ষমতা দি অৰাজকতা সৃষ্টি কৰিব বিচৰা হৈছে বুলি এআইইউডিএফৰ আমিনুল ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰাইজৰ দলৰ অখিল গগৈ আদিয়ে আশংকা ব্যক্ত কৰে ।

Previous Post

ক্ৰিকেটৰ পৰা অৱসৰ ল’লে হৰভজন সিঙে

Next Post

ভুৱা এনকাউন্টাৰৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পিআইএল দাখিল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভুৱা এনকাউন্টাৰৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পিআইএল দাখিল

ভুৱা এনকাউন্টাৰৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পিআইএল দাখিল

বালিচৰত ফুলেৰে নিৰ্মাণ বিশাল চান্টা

বালিচৰত ফুলেৰে নিৰ্মাণ বিশাল চান্টা

সকলো বিভাগৰ পদৰ বাচনি পৰীক্ষা হ’ব একেলগে

সকলো বিভাগৰ পদৰ বাচনি পৰীক্ষা হ’ব একেলগে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8