সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে আগবঢ়োৱা বিশিষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৭৩ সংখ্যক গণৰাজ্য দিৱসত বিএছএফকৰ্মীসকলক সৰ্বমুঠ ৫৪ টা পদক প্ৰদান কৰে। অনুশাসন, কৰ্তব্যনিষ্ঠা, সু-নেতৃত্ব আৰু সততাৰে তেওঁ দেশৰ প্ৰতি আগবঢ়োৱা দীৰ্ঘদিনীয়া সেৱাৰ বাবে আইজি ফ্ৰণ্টিয়াৰ গুৱাহাটী, সঞ্জয় সিং গেহলটক ৰাষ্ট্ৰপতিয়ে পুলিচ মেডেল ফৰ মেৰিটৰিয়াচ চাৰ্ভিচ পদক প্ৰদান কৰে।
উল্লেখ্য যে, সঞ্জয় সিং গেহলটে ১৯৮৬ চনত বিএছএফত যোগদান কৰিছিল। তেওঁৰ নেতৃত্বত ১৩৮ বেটেলিয়নে কাশ্মীৰত ৪৭ জন উগ্ৰপন্থীক কৰায়ত্ত্ব কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল। তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু পেছাদাৰীতাৰ বাবে NSGলৈও নিৰ্বাচিত হৈছিল য’ত তেওঁ পাঁচবছৰ ধৰি ব্লেক কেট কমাণ্ডো ফ’ৰ্চ (এনএছজি)ৰ সেৱা আগবঢ়াইছিল। সঞ্জয় সিং গেহলটক ২০০৯ চনত মেধাৱী সেৱাৰ বাবে পুলিচ মেডেলৰ লগতে ২০২০ চনত উৎকৰ্ষ সেৱা পদকৰ বাবেও পুৰস্কৃত কৰা হৈছিল।