সমাগত স্বাধীনতা দিৱস। দেশে পালন কৰি অহা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি পালন কৰা হৈছে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী। অসম চৰকাৰেও স্বাধীনতা দিৱসক লৈ তৎপৰ হৈ পৰিছে। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে অসম আৰক্ষীও। কোনো ধৰণৰ কূটাঘাত সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখি কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা।
ইয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক’লে – প্ৰতি মুহূৰ্ততে সজাগ, সষ্টম অসম আৰক্ষী। দেশৰ ৭৫ তম স্বাধীনতা দিৱস সফলভাৱে উদযাপন কৰিবলৈ বদ্ধপৰিকৰ অসম আৰক্ষী ৷ স্বাধীনতা দিৱসত যদি কোনোৱাই ৰাজ্য অশান্ত কৰাৰ চেষ্টা চলাই তাৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী।
আলফাই আহ্বান জনোৱা স্বাধীনতা দিৱস বৰ্জন কাৰ্যসূচীক লৈ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ দৰে ঘোষণা বোৰত কোনো নতুনত্ব নাই৷’